""""মই বেয়া পাওঁ""""""
        ( এবাৰ হ'লেও পঢ়িব)

    মই বেয়া পাওঁ Mother's day , Valentine's day , Teacher's day, women's day, Father's day Friendship day etc.
   প্ৰথমে Mother's day ৰ কথাই উল্লেখ কৰিলোঁ-  সেইদিনা মাতৃ সকলক যি ধৰণৰ মৰম শ্ৰদ্ধা কৰা হয় , সেয়া বাস্তৱত বিৰল।  যেনেকৈ আমি সন্তানসকলে মাকৰ পৰা মৰম , ভালপোৱা পাবলৈ কোনো দিন বা দিৱসৰ প্ৰয়োজন আশা নকৰোঁ বা সেই দিনটোৰ বাবে বাট চাই নাথাকোঁ তদ্ৰুপ মাতৃসকলেও সন্তানৰ পৰা মৰম ভালপোৱা পাবৰ বাবে কোনো দিন বা দিৱসৰ বাবে বাট চাই নাথাকে বা সেই দিন দিৱসৰ প্ৰয়োজন নাই। মাতৃ সকলে বিচাৰে যাতে সন্তানসকলে প্ৰত্যেক দিনাই মৰম কৰে, শ্ৰদ্ধা কৰে।
"Valentine's day" এই দিৱসত পাশ্চাত্যৰ মানুহে যি অশ্লীল অপকৰ্ম কৰি অহা দেখা যায় সেয়া ভাল জাতিৰ বাবে শুভ লক্ষণ নহয়; কিন্তু দুখৰ বিষয় যে সেইবোৰ চাই প্ৰাচ্যৰ  মানুহেও এই অশ্লীল কৰ্মত অভ্যস্ত হৈ আছে আৰু নিজৰ কলা সংস্কৃতিক বিসৰ্জন বা জলাঞ্জলি দি আছে । এই দিনতে বহুতো ছোৱালীৰ অমূল্য সম্পদ হেৰায়। যি সম্পদৰ মূল্য আন কোনো  মূল্যৰ লগত তুলনা কৰিব নোৱাৰি। যি প্ৰেমৰ কাৰণে ল'ৰা- ছোৱালীবোৰে নিজৰ নিজৰ পৰিয়ালৰ লগত বিচ্ছিন্ন হৈ পৰে , কিন্তু সেই প্ৰেমেই আকৌ নিৰ্মম ভাৱে প্ৰতাৰণা কৰে।
    Teacher's day
  শিক্ষক সকলক এই দিনত শ্ৰদ্ধা জনায় আৰু বাকী দিনবোৰত শিক্ষক সকলক অপমান কৰা , কিমান শুভা পায়? যি শিক্ষকক আমি ইমান মৰম শ্ৰদ্ধা কৰোঁ , সেই শিক্ষকেই আকৌ ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলায়, Practical Number (ব্যৱহাৰিক নম্বৰৰ) বাবে কিছুমান শিক্ষকে যি অপকৰ্মৰ পন্থা হাতত লয় সেয়া খুবেই লজ্জাজনক  আৰু ঘৃণনীয় ।
Women's day  এই দিৱসৰ মূল  লক্ষ‍্য হ'ল নাৰী সকলৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা, নাৰী সকলে মিলি নাৰী শক্তিৰ বিকাশ কৰিব লাগিব, কিন্তু কেতিয়াবা তাৰ উলোটাহে দেখা যায়। মই ইয়াত এটা বাস্তৱত হোৱা  ঘটনা উল্লেখ কৰিলোঁ- মোৰ চিনাকি মেডামে (college teacher) নাৰী দিৱসৰ বা নাৰী সংগঠনৰ লগত সম্পূৰ্ণ ৰূপে লাগি আছে আৰু তেখেতৰ স্বামীও এজন শিক্ষক , কিন্তু তেখেতেৰ কৰ্ম কাণ্ডত বিপৰীত ৰূপ হে দেখা পালোঁ। তেখেতে নিজৰ ছোৱালীৰ ওপৰত অন্যায় বিচাৰ কৰিলে, তেখেতৰ দুজন সন্তান তাৰে এজন ল'ৰা আনজনী ছোৱালী , ল'ৰাজনক অভিযন্তা (engineer ) পঢ়ায় আছে কিন্তু ছোৱালীজনীক B.Sc. পঢ়ায় আছে, হয়তো আপোনালোকে ক'ব ছোৱালীজনীৰ মেধা শক্তি কম সেইবাবে B.Sc. পঢ়ায় আছে। কিন্তু ছোৱালীজনীৰ পৰীক্ষাৰ ফলাফল সমূহ বহুত ভাল। নাৰী সংগঠনৰ কৰ্মকৰ্তা  হৈ যদিও নিজৰ ছোৱালীক ন্যায় দিব নোৱাৰে বা নিদিয়ে, নাৰী হৈ নাৰীৰ বিকাশৰ কথা চিন্তা নকৰে তেনেহ'লে নাৰী দিৱস উদযাপন কৰাৰ যুক্তি ক'ত?
   আমাক নাৰী দিৱস কিয় লাগে ? আমি সকলোৱে মিলি নাৰী সকলক সুৰক্ষা প্ৰদান কৰিব লাগিব তাৰ বাবে কোনো বিশেষ দিনৰ বা দিৱসৰ প্ৰয়োজন নাই; প্ৰতিজন মানুহেই এই নাৰীৰ গৰ্ভজাত সন্তান , গতিকে এই নাৰীজাতিক সুৰক্ষা দিয়াৰ বাবে, নাৰী জাতিৰ মঙ্গলৰ বাবে, নাৰীজাতিৰ বিকাশৰ বাবে আমি প্ৰতিজন ব‍্যক্তিয়েই  প্ৰতি দিনাই বা প্ৰতিটো মূহুৰ্ততেই আমি সষ্টম / সাজু হৈ থাকিব লাগিব। এয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য ।
       Friendship day যিসকল বন্ধু- বান্ধবীক নিজতকৈ বেছি মৰম কৰা হয়, ভালপোৱা হয়  সেইজন বন্ধু বা বান্ধবীয়ে সময়ত প্ৰতাৰণা কৰা দেখা যায় ।
       যিজন ব‍্যক্তি শ্ৰদ্ধা পোৱাৰ যোগ্য তেওঁক শ্ৰদ্ধা কৰিবৰ বাবে সেই বিশেষ দিন বা দিৱসৰ বাবে অপেক্ষা কৰি থাকিব নালাগে ; শ্ৰদ্ধা ভালপোৱা, মৰম সকলো সময়তে জনাব পাৰি ।  তেওঁক দেখিলেই অন্তৰৰ পৰা স্বত:ফুৰ্তভাৱে মৰম উপজিব বা শ্ৰদ্ধা জাগিব ।
*मां बाप के जिंदगी गुजर जाती है बेटे की लाइफ बनाने में;
और बेटा Status लिखता है
-- My wife/girlfriend is my life--*

              ✍️  ৰাহিনুৰ মণ্ডল
            📞  ৯৩৬৫৯৩০২৮৬
    পঞ্চম ষান্মাসিক (অৰ্থনীতি বিভাগ)
বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়, নগৰবেৰা

বি.দ্ৰ. ভাল লাগিলে share আৰু comment কৰিবলৈ নাপাহৰিব

মন্তব্যসমূহ